অনুসন্ধান আকাংক্ষাত

Saturday, June 16, 2012

অ’ সোৱৰণি (নাটক: কাৰেঙৰ লিগিৰী)


সোৱৰণি

          সমিধান দিয়া,

শাঁত কৰি 

          প্ৰাণৰ অগনি ৷


নিৰ্ব্বাক অতীতৰ,

          গোপন কুঞ্জ এৰি,

                   আহা মৌসনা সোঁৱৰণি ৷


উৰুৱাই মনৰ মাজলৈ

          সুৱৰ্ণৰে পাখি ৷


পাহৰণি-পদুমৰ মন্ত্ৰদূত,

          পাহি মেলি মেলি ৷


[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত,কাৰেঙৰ লিগিৰী নাটকত দিছে ]
[ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া]
** ভূপেন হাজৰিকাদেৱে তেওঁৰ এই গীতটো অতি সুন্দৰকৈ গাইছে **

No comments: