অনুসন্ধান আকাংক্ষাত

Saturday, June 23, 2012

কোন কোন আহিছ আইক পূজিবলৈ


কোন কোন আহিছ আইক পূজিবলৈ

        আইৰ পূজাৰ বেলি হল ! (সমনীয়া অ)

সাজু হবৰে হল ডেকা লৰা ! সাজু হবৰে হ

সাজু হবৰে হল অ,  সাজু হবৰে হল ৷


পৰ- পদানত কিয় বাৰু তোৰ শিৰ অৱনত

                                           কিয় বাৰু ?


কিয় পাহৰিলি বিজয়ী বাহুৰ বল,

তোৰ অস্ত্ৰ কেনিনো গল ?

অস্ত্ৰ বিচাৰি ল তই অস্ত্ৰ বিচাৰি ল


এন্ধাৰত তই থাকিবি কিয়নো

          জগত পোহৰ হল ৷


জগতত সৌৱা জ্ঞান বিয়পিছে

তোৰ দুৱাৰ বন্ধ ৰল ...

দুৱাৰ মুকলি কৰ অসমীয়া

          তোৰ জ্যোতিস্নান কৰিবৰ হ



নাহিবি নুচুবি বুলি কিয় তই

আপোনাক কৰিবি পৰ অ

আলাই-আথানি হোৱা ভায়েকক

          সাৱতি লবৰে হ



দেখিছনে সৌ মাতৃ জননী, তেনেয়ে নিছলা হ

          অ অসমীয়া ! অ অসমীয়া !

                   অ অসমীয়া ! অ অসমীয়া অ !!



তোৰ তপ্ত ৰুধিৰ ঢালি আয়েৰক

          শক্তি দিবৰে হ

আইৰ পূজাৰ বেলি হল (সমনীয়া অ) ৷৷




(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: