জয় জ্যোতিৰূপা
জয় অজেয়া
জয় জয় ভাৰত
জয় জননী ৷
তোৰে কিৰীটিতে সবিতা-সম-প্ৰভ
জ্ঞানৰ মুকুট মণি ৷
আহাঁ ... আহাঁ..... আহাঁ
সন্তান
উৰোৱা ত্ৰিবৰ্ণ নিচান ....
বজোৱা বিপ্লৱ শঙ্খ ধ্বনি
জয় জয় ভাৰত
জয় জননী ৷
অহিংসা- সত্য- সেৱাৰ
জ্যোতিৰে
কৰিম উজ্জ্বল আমি তোৰে বয়ান
আমি তোৰ সন্তান শকতিবান
দুৰ্জ্জয়.. নিৰ্ভীক মৰণ
বিজয়ী
বিশ্ব শান্তিৰ বাহিনী ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment