গান লিখোঁ মই
প্ৰাণ জগাবলৈ
প্ৰাণ ঢালোঁ মই
কণ্ঠে কণ্ঠে গান জগাবলৈ ৷
সেই
কোটি কণ্ঠৰ গানে
যদি
পৃথিৱীৰ নতুন জীৱন আনে
সেই জীৱনৰ নুপূৰা আশাৰে
গান লিখি যাম
বাৰে বাৰে
অগ্নি ভাষাৰে
মোৰ শেষৰ অগ্নিবাণে
আৰু নতুনৰ
নতুন তানে
তানে
ভৱিস্যলৈ যাব
কোন
কৰবাৰ নতুন জীৱনত
তাৰ,
সেই জীৱনৰ সুৰ বিচাৰি পাব ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ২৮/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment