তোৰ পূজাৰ
ধূপৰ গন্ধ লাগি
মোৰ কণ্ঠত যদি গান জাগে
মোৰ বুজাৰ
যদি ভুলটো ভাগি
মোৰ প্ৰাণে তোৰ পৰশ মাগে
মোৰ কল্পনা
যদি নৱবিকাশৰ মুঞ্জৰণত
উঠে জাগি বসন্ত বাগে
মোৰ ভাল
পোৱা ফুল
তই
চোওঁতেই
তোৰ হাততেই ভাগে
তোৰ জানো মোৰ
এই কথাবোৰ
ভাল লাগে ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment