চিৰসুন্দৰে ধৰিব খুজিছে
বিশ্বজনতা
ৰূপ ৷
নবীন গন্ধে নবীন বৰ্ণে
জনজীৱনৰ
মন্ত্ৰ জাগিছে
তন্ত্ৰ
জাগিছে
আকাশে
আকাশে বিয়পি পৰিছে
নৱজীৱনৰ
ধূপ ৷
আজি জনতাৰ জোনাকী চকুত
স্বৰ্ণজ্যোতি
জ্বলে
আজি জনতাৰ মন ফুলনি
সুশোভিত
ফুলে ফলে
আজি জনতাই
পৰাশ
পালে
হৰষ
পালে,
নৱকিৰণৰ গান গালে ৷
মনেৰে প্ৰাণেৰে চিনি স্বৰূপ
নতুন পৃথিৱী গঢ়িবলে’
আজি
ধৰিছে
শিল্পীৰূপ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
০৬/১০/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment