অনুসন্ধান আকাংক্ষাত

Monday, June 25, 2012

চিৰসুন্দৰ ! হে চিৰসুন্দৰ (নাটক : নিমাতী কইনা)


চিৰসুন্দৰ ! হে চিৰসুন্দৰ

মোৰ ৰাগ ৰুৰবীৰে পতা

                        লবি পূজা,

তোৰে সুৰেৰে মই

        ৰচিলোঁ কতনা গান

              বুজা-নুবুজা

                        লবি পূজা ৷


মোৰ যত অভিনৱ গান

বিকশিত কমলৰ গন্ধ সমান

          মনে মনে

সোণোৱালী সপোন-বিভোৰ

সপোনৰো সপোনত

          ছয়াময়া ৰূপ জ্বলে তোৰ

সুৰৰ শতেক ফুলে

চকুৰ লোতক জ্বলে

নবজোৱা সুৰেৰে বাঁহীটি বজা ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: