অনুসন্ধান আকাংক্ষাত

Thursday, June 21, 2012

ইমান ছবি অকলৈয়ে তই


ইমান ছবি অকলৈয়ে তই

          কেনেকে আঁকিলি


ইমান তৰা আকাশে আকাশে

          কেনেকে লিখিলি ?


ইমান প্ৰাণৰ বিৰাট মেলা

          কেনেকে পাতিলি


শেষ নোহোৱা ধেমালিলে

          মোকো মাতিলি


ৰূপে ৰূপে যাওঁ, মই জ্বলি জ্বলি

          অৰূপত তই জ্বলিছ উজলি


ৰূপ অৰূপ বিজুলি খেলা

          বিনন্দীয় বিশ্বমেলা ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: