জোনৰ জোনাক ভাল পোৱা
পখিলা
এটা আছে
জোন দেখিলে
উৰি
উৰি
ফুৰ্ফুৰ্কৈ
নাচে ৷
বেলি দেখিলে
পাতৰ
আঁৰত
জোন দেখিলে
আপোন
সুৰত
নিশা ফুলা শেৱালি ফুলক
চুবকে’
মৰম যাচে
গোটেই ৰাতিটো মৌ বিচাৰি
পুৱতিলৈ
সাঁচে ৷
সি হিমৰ টোপাল পিন্ধিবলে’,
বৰ ভাল পাই
সেইহে
নিশা ফুৰিবলৈ যায় ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment