অনুসন্ধান আকাংক্ষাত

Sunday, June 24, 2012

কোনে পাতিব খুজিছ সোণৰ দেশ


কোনে পাতিব খুজিছ সোণৰ দেশ    
       
         আই অসমীক পিন্ধব খুজিছ

                পোহৰ ধুনীয়া বেশ

কোনে পাতিব খুজিছ সোণৰ দেশ ?  
      

মোৰ ই দেশত, পথাৰত সোণ

          আপুনি আপুনি ফুলে

সোণ পুৱতিৰ সোণহাঁহিয়ে

          মোৰ চোতালত খেলে

সন্ধিয়া লুইতৰ বুকু জিলিকাই

          সোণ বৰণৰ তলে ৷


সোণ বৰণীয়া, মুগাৰ কাপোৰে

          গাভৰু ধুনীয়া কৰে

ৰূপৰ বালিত, সোণৰ ধূলিয়ে

          জিলমিল ৰূপ ধৰে

          সোণ কেতেকীৰ, সোণৰ ৰেণু উৰে

শিল্পী দলৰ সোণ সপোনে, সেউজী

                                    বনত ফুৰে ৷


সোণৰ দেশৰ

মহাপুৰুষৰ

শঙ্কৰ মাধৱৰ

সোণমূলীয়া সংস্কৃতিয়ে

         পোহৰ দিয়ে

                 এই পৃথিৱীত

                         সোণৰ জীৱনৰ



মহা মনীষাৰ

মহা প্ৰতিভাৰ জনজীৱনৰ,

                 সোণৰ সপোনৰ ৷


এই দেশৰেই সোণ ভৱিস্যৰ

                  সোণৰ জ্যোতি জ্বলক

এই দেশতেই শিল্পী মনৰ

                  মহাসপোনৰ

এই পৃথিৱীৰ, সোণ দিঠকৰ, সোণ চানেকি

          সোণ ছবিৰে তোলক ৷


          বোধন কৰি বিশ্বশিল্পী মনক

এই দেশতেই, জনজীৱনত,

                    সোণহাঁহিৰে ফুলক ৷৷


(বি: দ্ৰ: ইয়াৰ প্ৰথম অংশ আমাৰ গাঁও উপন্যাসত অন্তৰ্ভুক্ত)



[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,অষ্টমী পূজা (১০/১০/১৯৪৮)]
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: