কোন ক’ত আছ
আহ্ অ’ ডেকা ল’ৰা
তই সমুখত হ’ থিয়
মাতৃ
পূজাৰ ভাগ লবলৈ দেৰি কৰ কিয় ?
শুৱনি প্ৰকৃতি শুৱাই থকা
অসম দেশৰে ছোৱালী অ’
তই পাচে পৰি পৰি থাক কিয় ?
অসম দেশৰে ছোৱালী অ’ ৷
ভাৰত বৰিষ বিয়পি জ্বলিছে
যুঁজৰ অগনি শিখা
অসমীয়া তই টোপনি নেৰিলি
কিনো ভাইগৰ লিখা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment