জননীৰ সন্তান.... অজেয় নৱজোৱান
আজি
হ’ব তোৰ
সত্যৰ
অভিযান
আজি জহি যওক
কত
শতাব্দীৰ
গ্লানি
অপমান ৷
শক্তিহীনতা কাপুৰুষৰ
তেজৰে
উটাই
আগবাঢ়ি
আহি
শত্ৰু
কৰহি কম্পমান ৷
যুঁজিব লাগিব
জিনিব লাগিব
সত্যৰ মহা ৰণ
নহ’লে
নহ’ব, পৰিত্ৰাণ
জাগ আজি তই সৰ্ব্বতিয়াগি
অজেয়
নৱজোৱান ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment