অনুসন্ধান আকাংক্ষাত

Saturday, June 30, 2012

তোৰ মনত যদি নপৰে


তোৰ মনত যদি নপৰে মোৰ মৰমসনা কথা

তোৰ প্ৰাণত যদি উচুপি নুঠে

            মোৰ কৰুণ গানৰ ব্যথা

            মোৰ মৰম সনা কথা ৷


তেনে মোৰ ফুলনিৰ ৰঙা গোলাপ

            কিয় চিঙিলি

তোৰ কেণিত মোৰ শেৱালি কিয় তুলিলি ?

তোৰ সোণবৰণৰ ৰিহাৰ আগত

            কিয়, মোৰ নামটো লিখা

তোৰ মোক চাই থকা পদুম চকুত

            জ্বলে, .... কিয় জ্যোতি শিখা ?


(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ০৮/০৯/১৯৪৯)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: