অনুসন্ধান আকাংক্ষাত

Tuesday, June 26, 2012

জননী- পূজাৰ মন্দিৰ শুদা


জননী- পূজাৰ মন্দিৰ শুদা,
            নজ্বলোৱা কিয় বন্তি ?
আপোন পাহৰি হলা তন্দ্ৰা অলস
            মোৰ দেশৰে পূজাৰী ৷

বজা নাই কিয় পূজাৰ শঙ্খ
            শঙ্খ নিলেনো কোনে ?
গোৱা নাইকিয় আৰতিৰ গীতি
            কণ্ঠ ৰুধিলে কোনে ?

শতাব্দী ধৰি মহাশঙ্খ বাজিলে
বুকুৰ শোণিতেৰে জ্বলিলে দীপালী
            কণ্ঠ প্ৰচাৰিলে আৰতিৰ বাণী,
নোহোৱানে গৌৰঝৰ তুমি অধিকাৰী ?
            পূজাৰী ! তুমি কিয় হবা অভিমানী ?

(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: