আজি, গানৰ শৰাই পাতিলোঁ,
প্ৰাণৰ শৰাই
পাতিলোঁ ৷
বিশ্বথাপনাত
মোৰ পূজালৈ মাতিলোঁ, মোৰ
পূজালৈ মাতিলোঁ,
বিশ্বজনতা ৷
থাপনাত মই থাপিলোঁ
শুদ্ধ সুন্দৰতাক ৷
আজি সোণৰ শৰাই পাতিলোঁ
ৰূপৰ শৰাই পাতিলোঁ
দুখৰ শৰাই
চকুপানীৰ মুকুতাৰেই ভৰাই
পাতিলোঁ অ’ পাতিলোঁ
৷
তোকো মাতিলোঁ
তোকো মাতিলোঁ
জনতাকো মোৰ পূজালৈ,
মাতিলোঁ মাতিলোঁ ৷
আজি গানৰ শৰাই পাতিলোঁ ৷
মোৰ বেদনাত
হীৰা মাণিক যদি কিবা ফুলে
মোৰ সাধনাত নৱালোকৰ
ৰামধেনুখন
যদিহে জ্বলে
সংস্কৃতি মোৰ জাতিকাৰ
যদিহে ফুলে ফলে
অৰ্ঘা-কোষা পূৰ্ণ কৰি
বিশ্বতীৰ্থজলে
মাতিলোঁ মই মাতিলোঁ
নিমন্ত্ৰণৰ আমন্ত্ৰণৰ
মন্ত্ৰ বোধনৰ
উদ্ধোধনৰ
চিৰ সুন্দৰৰ
জনতাকো
মোৰ পূজালৈ মাতিলোঁ,
মাতিলোঁ আজি
গানৰ
শৰাই পাতিলোঁ ৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ভাদ, ২৭/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment