গাঁৱৰ বাঁহনি ডৰা
বনৰীয়া পখিলাৰে ভৰা ৷
চকৰী-ফেটীয়া
ফেট
তুলি তুলি নাচে
যখিনী
ছোৱালী
ছাঁতে লুকাই আছে ৷
আউসীৰ দিনা
কেঁট-কেঁটকৈ
তাত কোনোবাই
মাতে
ফুচ্-ফুচ্কৈ তাত কোনোবাই
আন্ধাৰৰে কথা
পাতে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment