অ’ পৃথিৱীৰ
কবিৰ কথা
কেতিয়া
বুজিবি তই ?
কত কবি গ’ল
টুকি চকুপানী
দুৱাৰে
দুৱাৰে ৰৈ
অ’ পৃথিৱীৰ কবিৰ কথা
কেতিয়া বুজিবি তই ?
যুগে যুগে আহি, কত গান গাই
কতবাৰ ঘূৰি গ’লো
ভাগৰি-জুগৰি নিজেই নিচুকি
পদূলিত পৰি ৰ’লো ৷
জোনে বুজিলে
তৰাই বুজিলে
বেলিয়ে বুজিলে মোক
মোৰ বীণ শুনি
নিজৰাই কান্দিলে
সাগৰৰ উতলে শোক ৷
তইযে মনুহ মোৰ
তেনেই আপোনাৰে
কবিৰ গান শুনিবৰ হ’ল
পৃথিৱী আন্ধাৰে
আৱৰি আনিছে
ব’ল, পোহৰলৈ ব’ল ৷
কাল ভৱিস্যই আহি গুণগুণালে
এডালি তাঁৰত মোৰ
ৰবিনে এতিয়াও
আন্ধাৰৰ বুলনিত
নজ্বলায় নতুনৰ
চাকিটো তোৰ ?
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত, (তামোলবাৰী;
১৫/০৯/১৯৪৮)]
[ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া]
No comments:
Post a Comment