আজি জনতাৰ জাগিছে বিশ্বৰূপ
আজি জাগিছে
সুন্দৰৰেই
পাৰমানবিক স্বৰূপ
আজি জনতাৰ
জাগিছে বিশ্বৰূপ
আজি আপোন পাহৰা মহাশক্তিয়ে
ধৰে অভিনৱ ৰূপ
আপোন কুৰূপ
পোহৰ বিৰূপ
এৰি
ধৰে জনতাই মহাসুন্দৰ
ৰূপ ৷
পৃথিৱী আছিলে ৰৈ
জনতা জাগিবলৈ
আন্ধাৰত দেখা
মহাসপোনক
আনিব দিঠকলৈ
জয়
জনতা জয়
জয়
পৃথিৱী জয়
আজি
জনতাৰ জয় জয়কাৰ
পৃথিৱী মনোময়
জগত জ্যোতিৰ্ম্ময় ৷৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment