অনুসন্ধান আকাংক্ষাত

Friday, June 22, 2012

কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ


কাৰ হাঁহিটিয়ে মোৰ ফুলনিৰ

          ফুলে পাতে ৰূপ লয়

কাৰ হাঁহিটিয়ে নিফুট গানেৰে

          ঘোষে নতুনৰ জয় ৷


কাৰ হাঁহি লাগি সাৰ পাই উঠে

          বৰ্ণ গন্ধ গান

সঞ্জীৱনীৰে কাৰনো হাঁসিৰ

          শিয়ঁৰাই তোলে

দলিত, পীড়িত, মহাজনতাৰ, সঞ্চিত অভিযান ৷




(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ১৫/০৯/১৯৪৮)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: