আজি জাগা মোৰ মাতৃ
জাগা আজি জোনাকী বাটৰ যত
শকতিৰূপিনী অভিযাত্ৰী ৷
আন্ধাৰৰ সতে শেষ সংগ্ৰামৰ
বাবে
জাগা জননী জাতি...
প্ৰালয়িকী ছন্দে...
অভিনৱ জীৱনৰ
সুৰ লয় তালে মানে
আলোকময়ী গানে গন্ধে ৷
জাগা নৱ ভাৰতৰ
জাগা নৱ অসমৰ
উদ্ধোধিতা জন মাতৃ,
সংস্কৃতি সৱিতাৰে
পোহৰাই নৱীন ধৰিত্ৰী ৷
বাট দেখুৱাই বলা
নিখিল পৃথিৱীকে
পুণ্যভূমি ভাৰতৰ
জ্ঞানাৰুণ জ্যতিস্নাতা
জোনাকী বাটৰ অভিযাত্ৰী....
জাগা নৱ জীৱনৰ
অভিনৱ মাতৃ ৷৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment