চৰাই বনৰীয়া
মুকলিমুৰীয়া
গাৱ বনৰীয়া গীত ৷
মনে উৰো উৰো
কৰে তোৰ লগতে
মোৰে উৰণীয়া চিত ৷
ঊষা জিৰণীয়া
পাই লগৰীয়া,
সন্ধিয়াৰ দেশলৈ যায় ;
অকলনোশৰীয়া
কৰি মোক সখিয়া,
গলা মিলনৰে নিশাটি পাই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment