জনতা তোৰ প্ৰাণৰো প্ৰাণত
মনৰো
মনত,
শিল্পী
যে মই
লুকাই
লুকাই আছোঁ;
তোৰ সপোনৰ কত ছবিত
কত
যে ফুল বাছোঁ,
লুকাই
লুকাই আছোঁ,
তই নাজন,
মই জানো তোৰ
গোপনৰ আশা,
মইহে
জানো তই নজনা
তোৰ
নিজৰেই ভাষা ৷
তোৰ সেই নিজানত
সেই
গহনত
তোৰেই
ময়েই
শিল্পীয়েই
তোৰ আন্ধাৰত নাশিবলৈ
তোৰ
বুকুতেই
বিপ্লৱী
হৈ জাগিম,
পোহৰলৈ তোক নিবলৈ
তোৰেই
পূজা নিতৌ পাতি
তোৰেই
আশিস মাগিম ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment