গান যদি মই নিলিখোঁ সখি
তই
জানো মোৰ থাকিবি কাষত
তোৰ, চম্পা আঙুলি লেখি ?
গান যদি মই নিলিখোঁ সখি !
সুৰৰ
চানেকি নেবাছিলে মই
থাকিবিনে ৰৈ
থাকিবিনে ৰৈ
মোকে নিৰিখি
মই যদি
মাথোঁ নাগাওঁ গান
নিলিখোঁ কবিতা
কৰি অভিমান
তেতিয়াও
জানো, তেতিয়াও, ওচৰতে
হাঁহি থাকিবি
?
গান যদি মই নিলিখোঁ সখি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment