দেউতা মই আজি সপোনত
দেখিলোঁ
এটা গান
তুমি
যে লিখা সৰু গান
তাতোকে’
অকণমান ৷
মোৰ দৰেই তাৰো গাতো
কাপোৰ
কানি নাই
চোলা
পিন্ধিলে সিও হেনো বৰ বেয়া পায় ৷
তুমি যে দিছা মাজ কোঠালিত তানপুৰাটো থৈ
তাৰ
তলতে
জুনুকা
পিন্ধি নাচি আছিল
ঠুমুক্
ঠুমুক্ কৈ ৷
মোক দেখি সি খং কৰি গৈ
হামণিটোত
সোমাল
নিগনি খোচাদি খুচি আছিলোঁ,
তেওঁ
গানটো নোলাল ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment