জাগা... জাগা
নক্ষত্ৰৰ প্ৰভাতে প্ৰভাতে
হাঁহা ... সকলো সন্ধিয়াৰে
ভুৱনে ভুৱনে বিয়পি
তোমাৰ হাঁহিয়ে
কোটি জগতৰ
আকাশ কৰিছে ময়াপী ৷
তোমাৰ স্বৰৰ লহৰে
অনন্তৰ অন্ত বিচাৰি
তোমাতেই অন্ত পায় ৷
তোমাৰ কণ্ঠেৰে
কণ্ঠৱতী
কোনে মতা নাই ?
কোনে মতা নাই ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment