এই যে অসীম নীলা ৰভা তৰি
কোটি বেলিৰে
জোন তৰাৰে থৈছ জোনাক কৰি
তাত কত জ্যোতি জ্বলি উঠিছে
কতবাৰ মৰি মৰি
এই যে অসীম ৰভা
তোৰ মহাজ্ঞানৰ আভা পৰি
ধৰে অভিনৱ শোভা ,
অনন্ত প্ৰকাশে তাৰ
অশেষ জ্বলি জ্বলি
বিলাই পূৰ্ণ বিভা ৷
এই লক্ষ ভুবন, বিয়পা
গ্ৰন্থাগাৰ
এই মহা তই বৈজ্ঞানিকৰ
সঁজুলি অপাৰ
মহাশিল্পজ্ঞানৰ,
মহাকাব্যজ্ঞানৰ সৃষ্টি কৰাৰ
ৰূপ-অৰূপৰ অনন্ত-বিজ্ঞানৰ
বিশ্বসৃষ্টি... অৰ্থনীতিৰ
সমাজনীতিৰ
ৰাজনীতিৰ
চৰাচৰ এই বিশ্বখনৰ, অনন্ত
জীৱনৰ নীতিৰ
প্ৰকাশ নীতিৰ
বিকাশ নীতিৰ
সৃষ্টি-স্থিতি-প্ৰলয় নীতিৰ
অনন্ত ৰাষ্ট্ৰীয় নীতিৰ নানা নানা
বিষয় থকা
সকলোৰে কলাজ্ঞানৰ আৰু
বিজ্ঞানৰ, জ্ঞান
বিতৰণ পাতিলি অসীম
বিশ্বজনা
বিশ্ববিদ্যালয় ৷
তয়ে
অকলৈ
মোৰ টোকোনাৰ বিত নোহোৱাৰ
মহা মুৰুখৰ গুণ নথকাৰ
অকণমানো
বোধ নাইকীয়া তাত
পঢ়িবলৈ
৷
তথাপিও প্ৰাণত মোৰ অগ্নি-হেঁপাহ জ্বলে
কিজানিবা কিবা বুজো দুৱাৰ-ডলিত
ৰ’লে
৷
তাৰ মহাসৌধৰ সোপান- তলত, বহি থাকোঁ
পুৱা
সন্ধিয়া
বাটৰুৱা
মানুহে মোক বোলে বলিয়া ৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,২৭/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment