কাৰ সোঁৱৰণি
তোৰ চকুপানী
ভোৰ, দৃষ্টি কৰিলে বন্ধ
অ’ মোৰ ব’ৰাগী অন্ধ !
কাৰ বিৰহত
তোৰে চৌপাষে
উৰিছে আকুল ব্যাকুল বনগন্ধ ৷
অ’ মোৰ ব’ৰাগী অন্ধ !
উমানে উমানে
বাটে বাটে যাৱ
ঘৰ কেনেকৈ চিনি পাৱ ?
তই, গুণ গুণকৈ
কি গান বিনাৱ
আকাশৰ পিনে
মুদা চকুৰে
কিহৰ ছবিটো চাৱ ?
তোৰেই দৰেই সসীম চকুৰে অসীমৰ
ছবি
চাওঁ
তোৰেই দৰেই উমানে উমানে মোৰ
বাটে
বাটে যাওঁ ৷
উৰিছে আকুল ব্যাকুল বনগন্ধ
অ’ মোৰ ব’ৰাগী অন্ধ !!
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment