কেতেকীৰ গোন্ধ যদি
ভালকে নাপাৱ
পদুমৰ গোন্ধ জানো
পাবি ....
ৰঙা জবাব যদি
মৌ ভাল নাপাৱ
বগা জবাব মৌ খাবি ৷
পুৱতিৰ তৰা যদি
চালে চকু নুজুৰাই
সন্ধিয়াৰ তৰাটো
চাবি
সোঁ বাটে গলে যদি
মোক লগ নাপাৱ
বাওঁ বাটেদিয়েই
যাবি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment