আৰু তো নিলিখোঁ
পদুমকলিৰ
কবিতা মই সখি
আৰুতো নাচাওঁ পদুম কলিৰ
পাহিবোৰ লেখি লেখি ৷
আজি মই গান
বোকাত জহি যোৱা
মানুহৰ জয়গান
কঁপাই জনৰ প্ৰাণ,
যি প্ৰাণৰ অভ্যুদয়ে
নোহোৱা নোপজা
সমাজ গঢ়িব,
মহাজীৱনৰ সপোন ৰচিব
মানুহ কৰি সঁচা মানুহ
মহা আলোকৰ বাটে বাটে
কৰিব অভিযান,
সেই, মানুহ প্ৰাণৰ পদুম
ফুলাৰ
গাম অভিনৱ গান ৷৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত; ২০/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment