জোনৰ জেউতি
ফুলনিত পৰি
পাতৰ আঁৰত লুকাই
পুৱাৰ নিয়ঁৰে
চকুপানী
টুকি
দুবৰি
বনতে শুকাই ৷
আন্ধাৰৰ বুকুতে
তৰা
জকেমকাই
পুৱা
পোহৰতে নুমাই
কোনে ডাৱৰৰে
বুকুত
জিকেমিকাই
আকাশত
বিজুলীয়াই ?
কোনে গধূলি বেলিকা
বেলিটো
নুমালে
জোনৰে
চাকি জ্বলায় ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment