দুখীয়াৰ চোতালেদি
পোহৰৰ
বীণ বাই
ব’হাগী
কোঁৱৰটি যায়
হজুৱাৰ বনুৱাৰ
দুসাজি
নিমিলাৰ
বুকুত ন
সপোনৰ
জুইয়ে জ্বলাই ৷
বীণৰে কান্দোনত
ৰৈ
ৰৈ উচুপে
অজলাৰ
নিচলাৰ
শোক
জোঁকাৰত শিয়ঁৰে
যাউতী
যুগৰে
পেটৰে
মনৰে ভোক ৷
মোক অতদিনে আভুৱাভাৰিলে
মিছাৰ
মায়াজালে তৰি
মিছাক সঁচা বুলি
নিজক
দিলোঁ পঘা জৰী ৷
যুগৰ মিচিকিয়া হাঁহিত
ভোলে গৈ
মিছাক
সঁচা বুলি মানি
অতদিনে ধৰি
ৰৈয়ে
চাই থাকিলোঁ
কাঢ়ি
খোৱা মোৰ
নিজে
ৰন্ধা ভাতে-পানী ৷
পোহৰৰ দেশৰে ব’ৰাগী
কোঁৱৰ ঐ
বীণৰে
ভূঁইকপ কৰ
ভাগি য’ক ভাগি য’ক,
বুলি হৈ উৰি য’ক,
যতবোৰ
মিছাৰে
ভুৱাৰে
সজোৱা ছলাহীৰে বৰে ঘৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment