জীৱনত যত গান গালোঁ
সেই গানবোৰে মোক
ঘূৰি আহি সুধিলে
নতুন দিনৰ বাবে
মোৰ কবিটিয়ে বাৰু কাক লিখিলে ?
হুমুনিয়াহ পেলাই
মই কাকো লিখা নাই বুলি ক’লে
কবিটিয়ে
কাকো লিখা নাই
তহঁতেই ঘুৰি আহি
নতুন দিনৰ বাবে
লিখিছ
সদায় ৷
মই আৰু গানো গোৱা নাই
গানো লিখা নাই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment