চিৰসুন্দৰক দেখিছিলোঁ
এদিন
সপোন-পুৱা
মহাজ্ঞানৰ মুকুট পিন্ধি
পোহৰেদি
যোৱা ৷
মৌ মুগ্ধ মুকুতাৰে মোৰ
যাচি
দিলোঁ সুদা কৰি
শত
জীৱনৰ
সকলো
ভালপোৱা ৷
দেখিছিলোঁ
পোহৰেদি যৌৱা ৷
মাথো হাঁহিলে এবাৰ মোৰ ফালে চাই
বিশ্ববিজয়ী
হাঁহি
সেই,
হাঁহিৰ অৰ্থ
বুজো
বুজো কৰি
বজাওঁ
জীৱন বাঁহী ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment