অনুসন্ধান আকাংক্ষাত

Saturday, June 2, 2012

সেউজী সেউজী সেউজী অ”


Assamese Song:        Heuji Heuji Heuji O
Film:                            Kazarangar Kahini
Singer:                          Mihir Bordoloi
Lyrics:                         yotiprasad Agarwala
Year:                              1981

আ....(আলাপ পু:স: )

সেউজী সেউজী সেউজী অ
সেউজী ধৰণী ধুনীয়া !
সেউজী সেউজী সেউজী অ
সেউজী ধৰণী ধুনীয়া !

সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
দালীৰে ফুল-ফল
সেন্দুৰীয়া !
সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
দালীৰে ফুল-ফল
সেন্দুৰীয়া !
সেউজী সেউজী সেউজী অ
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ
সেউজী ধৰণী ধুনীয়া

আ....(আলাপ পু:স: )

আমাৰ চকুলোৰে
পানী দি জীয়ালো
মাণিকী-মধুৰী ধান ... !
আমাৰ চকুলোৰে                 আ..(আলাপ পু:স:)
পানী দি জীয়ালোঁ      আ...(আলাপ পু:স:)
মাণিকী-মধুৰী ধান ..! আ...(আলাপ পু:স:)
তোমালৈ আনিছোঁ
জগতৰে শইচ            
         এৰা অ নিমাতী মান .. !
তোমালৈ আনিছোঁ               আ..(আলাপ পু:স:)
জগতৰে শইচ          আ.. (আলাপ পু:স: )
         এৰা অ নিমাতী মান .. ! আ.(আলাপ পু:স:)
সেউজী সেউজী সেউজী অ
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ
সেউজী ধৰণী ধুনীয়া  ৷৷

বোলছবি/এলবাম: কাজিৰঙাৰ কাহিনী
গায়ক:                   মিহিৰ বৰদলৈ         
কথা/সুৰ:              জ্যোতিপ্ৰসাদ আগৰৱালা
(ইউনিকড ৰূপান্তৰ:    দিগন্ত শইকীয়া)

[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]

3 comments:

Unknown said...

মান নাছিল মাত আছিল নেকি

আকাংক্ষা (Akansya) said...

জ্যোতিপ্ৰসাদৰ ৰচনাৱলী (প্ৰকাশন পৰিষদে প্ৰকাশ কৰা) কিতাপ খনতো'মান'আছে।

কৌস্তুভ (Koustubh) said...

মাত নহয়, মান; অৰ্থাৎ অভিমান ।