অনুসন্ধান আকাংক্ষাত

Saturday, June 30, 2012

তোৰ থাপনাত মোৰ চাকিটো


তোৰ থাপনাত মোৰ চাকিটো

            অকলে অকলে জ্বলে

তোক বিচাৰি অকলে আন্ধাৰে

            প্ৰাণৰ জুৰিটি বলে ৷


অকলে জোনায়ে নিজম আকাশতে

            তোৰেই জোনাক চালে

মই যে নহয় অকলশৰীয়া

            বেৰি আছে মোক

তোৰে মৰমৰে, তোৰেই জোনাকী জ্বলে ৷৷


(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: