জনতা তোৰ পোহৰ পৰা মনত
আজি
আগবাঢ়িবৰ অগ্নিক্ষণত
জাগিলে
মোৰ গান
তই
পাতিলি কাণ ৷
সুন্দৰে তোৰ আগে আগে যায়
দেখিছনে
নাই ?
অত যুগৰ
কত পিছত উঠিছ সাৰ পাই ৷
তোৰ ত্ৰাণ আহিছে
মান
আহিছে
বান আহিছে নবীন প্ৰাণৰ
অমোঘ
মন্ত্ৰবাণ
আজি আগ বাঢ়িবৰ অগ্নিক্ষণত
জাগিলে
মোৰ গান ৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment