Assamese Song: Puhonia Choraiti
Film:
Koka Deuta Nati
Aru Hati
Singer:
Dwipen Boruah and
Kokila Goswami. (Duet)
Director: Nip Baruah
Music Director: Ramen Baruah
Year:
1982
নাৰী: অ’.... (আলাপ)
অ’.... (আলাপ)
নাৰী: পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পাবলৈ নাই..
পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পাবলৈ নাই..
দুয়ো: অ’ ধৰো বুলি ধৰিব নোৱাৰি
ই যে উৰি যায় !
ই যে উৰি যায়
নাৰী: পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পা-পাবলৈ নাই..
পোহনীয়া চৰাইটি উৰিলে.. !
নাৰী: আকাশ আপোন লাগে যদি !
সুৰৰ সপোন জাগে যদি
সঁজাৰ বান্ধোন চিগি যায়
আকাশ আপোন লাগে যদি
সুৰৰ সপোন জাগে যদি
সঁজাৰ বান্ধোন চিগি যায়
দুয়ো: ই যে উৰি যায় !
ই যে উৰি যায়
নাৰী: পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পা-পাবলৈ নাই..
পোহনীয়া চৰাইটি উৰিলে.. !
পুৰুষ: চকুৰ মণি চকা-মকা..
বৰণীয়া সপোন সঁচা
দুয়ো: চকুৰ মণি চকা-মকা..
বৰণীয়া সপোন সঁচা !
নাৰী: লুকাই লুকাই দেখা দিয়া
কি যে ছবি ছঁয়া-ময়া !
পালে ও চোন হেৰাই যায়
লুকাই লুকাই দেখা দিয়া
কি যে ছবি ছঁয়া-ময়া !
পালে ও চোন হেৰাই যায়
দুয়ো: ই যে উৰি যায় !
ই যে উৰি যায়
নাৰী: পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পাবলৈ নাই..
দুয়ো: অ’ ধৰো বুলি ধৰিব নোৱাৰি
ই যে উৰি যায় !
ই যে উৰি যায়
নাৰী: পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পা-পাবলৈ নাই..
বিচাৰি পাবলৈ নাই..
বিচাৰি পা-পাবলৈ নাই.. ৷৷
বোলছবি/এলবাম: ককাদেউতা নাতি আৰু হাতী
গায়ক/গায়িকা:
দ্বিপেন বৰুৱা আৰু
কোকিলা গোস্বামী (দ্বৈত
কন্ঠত)
পৰিচালক : নিপ বৰুৱা
সংগীত
পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি: দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে দেখুৱাই দিয়ে যেন ]
*** গীতটোৰ "আকাশ আপোন লাগে যদি" শব্দ কেইটা শুদ্ধ কৰি দিয়াৰ বাবে প্ৰনৱ কুমাৰ ভাগৱতী আৰু ৰাজীৱ নাথলৈ আন্তৰিক ধন্যবাদ জনালোঁ ৷
No comments:
Post a Comment