তোৰ থাপনাত চকুলো এটুপি থলোঁ
তই
আহিবি বুলি, বাটচায়ে ৰ’লোঁ ৷
চকুপানীটুপি, বিয়পি মিলি গ’ল
ধূপৰ
গোন্ধৰ সতেই উৰি
সি
ক’ৰবালে’ গ’ল
সেই
থাপনাত আছিল জ্বলি চাকি
তাৰ পোহৰে কোঠাত দিছিল
জিক্মিক্বোৰ আঁকি
আছিল জ্বলি চাকি ৷
সেই দিঠকে সপোনৰ মোৰ ধৰে
এই পৃথিৱীৰ ঘোৰ দিঠকো
সপোন হৈয়েই
মোৰ
গানে কবিতাই ফুৰে ৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ২৩/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment