তোৰ ভাৱনাৰ
গানৰ কত তৰা
মোৰ মন আকাশত
ভৰা ৷
মোৰ মনীষা
পৰ্ব্বতৰ
তোৰ মৰমৰ
উচ্ছল নিজৰা
মোৰ প্ৰতিভাৰ
সোণ পথাৰত নামে
কবিতাৰ ধান
ফুলাই
ধন ফুলাই
কতনা চামে চামে
বৈ বৈ যায়
জান হৈ জুৰি হৈ
অকণমানি নৈ হৈ
মোৰ প্ৰাণৰ তোৰ মৰমত
দুকোল দাকাল
ভৰ বাৰিষাৰ ফেনে ফোটোকাৰ
বৰ লুইতত পৰে
তোলৈ মোৰ ভালপোৱাৰ
পাৰ নথকা সাগৰলৈ
সুন্দৰ যাত্ৰা কৰে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
২৮/০৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment