গান বিচাৰি যাওঁতে মোক
তই দিলি প্ৰাণ
প্ৰাণ
বিচাৰি যাওঁতে মোক
তই দিলি গান ৷
মোৰ
অভিমানৰ মানটো ৰাখিবলৈ
তোক বিচাৰি নাই যে পাবলৈ
মোৰ গানক যদি সুৰ দিলি
সুৰক যদি ছন্দ দিলি
ছন্দক যদি মন্দকিনীৰ তাল
তোক,
ভালপোৱাৰ
অভিমানৰ, ইন্দ্ৰধনুৰে
মোৰ উজলো
শুভ্ৰ ভাল ৷
নিবিচাৰো আন
তই
তাকেই দিবি দান ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment