চৰণীয়া পথাৰৰ গৰখীয়া গীত
দূৰণিবটীয়া
হৰিলি চিত
চৰণী্য়াপথাৰৰ গৰখীয়া গীত ৷
পিজলী কাজলী গাখীৰতী গাই
তোৰ
মান ধুনীয়া নাই
দামুৰি
পোৱালিয়ে
সেউজীয়া
ঘাঁহনিত
উমলি
ধপলিয়াই ৷
হালৰে এহালি
হালৰে দুহালি
হালৰ
তিনিহালি
গৰু
চাৰিহালি... গৰু যে গাঁৰে হিত
দুখীয়া
নিচলাৰ জীৱলগা বিত ৷
চৰণীয়া
পথাৰৰ গৰখীয়া গীত
দূৰণিবটিয়াৰ
হৰিলি চিত ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী,
২৭/০৮/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment