ডিবৰুপাৰৰে ডিবৰুগড়
বিজুলি
চাকিৰে
পোহৰে
ঘৰ
লুইত
উজনিৰ বৰেচহৰ
তোৰ আগতে
তোৰ মাজতে
মোৰ
গানৰ
সুৰৰ
শৰাইখনি পাতিলোঁ
মোৰ
পূজালৈ মাতিলোঁ ৷
তোৰ বুকুতে জ্বলে কত আশা
মোৰ
লেখনীত নতুন ভাষা
সেই
আশাৰে
সেই
ভাষাৰে নতুন পূজা কৰ
ডিবৰুপাৰৰে ডিবৰুগড়
লুইত উজনিৰে বৰেচহৰ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment