আজি শিল্পীৰূপেৰে জাগিব লাগিব জগত জনতা
আজি কবিটি হৈ
ৰবিটি হৈ জ্বলিব
লাগিব বিশ্বজনতা ৷
আজি সকলো দীনতা
সকলো নীচতা
সকলো শঠতা, সকলো ভীৰুতা
বৰ্ব্বৰতা
চিৰকাললৈ
আঁতৰাই থৈ
ফুলাব লাগিব
নিৰ্ম্মলতা
সুন্দৰতা
জ্বলন্ত সততাৰে, পবিত্ৰ ক্ষমতা জ্বলাই
মষিমূৰ কৰি
যাউতিযুগীয়াৰ
শক্তিহীনতা
জনজীভনত উঠক জ্বলি
বিশ্বপ্ৰানতা ৷
দুষ্কৃতি নাশি’
সংস্কৃতিৰে পৃথিৱী
মুক্ত কৰি
শিল্পীৰূপেৰে ওলা জনতা
সুন্দৰৰেই
বিৰাটস্বৰূপ ধৰি ৷৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত; ০৬/১৯/১৯৪৮)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment