এই শতিকাত
জ্বল জ্যোতিকা
জন কল্যানৰ
মহা স্বস্তিকা হৈ
নৱ কিৰণৰ
জ্বল জনিকা
জনতাক দি
জ্যোতি কণিকা
যা সোনকালে
দেশান্তৰলে’ বৈ
মোৰ গোপনৰ
মোৰ সপোনৰ
জ্ঞান যত কথা
জগতকে কৰি গৈ
যত চিনাকি অচিনাকিৰ, পদূলি
মূৰত তই
নুশুধিলেও, নামাতিলেও
হাঁহি থাকিবি বই ৷৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment