অনুসন্ধান আকাংক্ষাত

Saturday, June 30, 2012

তোৰ চকুৰ মণিত মোৰ ছবিটো


তোৰ চকুৰ মণিত মোৰ ছবিটো

            মই যে আঁকিছো

সেইহে মই

            তোৰ ছবিটো

            গানৰে আঁকিছো ৷


তোৰ প্ৰাণৰ আখৰ

মোৰ, মনৰ পুথিৰ বাখৰ

            তাৰেই মই

            মোৰ জীভনৰ সাধু লিখিছোঁ ৷


সেই, আখৰকেইটাও

                        তোৰেই পৰাই

                                    মই যে চিনিছোঁ ৷

            তোৰ ছবিটো গানৰে আকিছোঁ ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: