জনানুৰঞ্জন.....
কোন
আজি কৰি জাগ
নতুন
দিনত
কোনে জ্বলাব জুই
নতুন
প্ৰাণত ৷
তোৰ অভিনৱ গুঞ্জন
সঞ্জীৱনীৰে
কোনে
বিকশিত
কৰি যাৱ
জনজীৱনৰে
ফুলদল
মন্দ্ৰিত
কৰিছ কোনে
অগ্নিকমল
?
কোনে বজাৱ বাঁহী জনতাৰ মনৰ বনত
কোন
তই উঠ জ্বলি
আজি
এই অগ্নিক্ষণত ?
জনানুৰঞ্জন.....
আজি চকুৱে চকুৱে পিন্ধা নতুনৰ
জ্যোতিৰূপা
অঞ্জন ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment