অনুসন্ধান আকাংক্ষাত

Saturday, June 30, 2012

তোৰে মোৰে আলোকৰে যাত্ৰা


তোৰে মোৰে আলোকৰে যাত্ৰা

                        অব্যৰ্থ অব্যৰ্থ

আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ

                        স্বাগত স্বাগত সতীৰ্থ !


সেউজীয়া জীৱনলে জাগৃতি ছন্দ

আহে আহে

জনতাৰ অন্তৰে অন্তৰে

আলোক বসন্ত হাঁহে হাঁহে ৷


প্ৰচাৰিত আলোকবাণী

আগবাঢ়ে যুগাগ্ৰগ্ৰামী তৰুণ সেনানী

আজি সমৃদ্ধ বেগে

জাগে জাগে বিপ্লৱী প্ৰাণ

মুখৰিত দিশে দিশে অগনি গান ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: