আমি গাঁৱত সৰগ পাতিম
আমাৰ
গাঁৱৰ নামঘৰলৈ
পৃথিৱীক মাতিম
আমি গাঁৱত সৰগ পাতিম ৷
গাঁৱৰ মাটিত সোণৰ সপোন ফুলিম
গাঁৱৰ ঘৰত গাঁৱৰ মনত ন
চানেকি তুলিম
বোকাত ফুলা পদুম পাহি গোন্ধত
আমোল মোল
সেউজী ধানৰ সোণ হাঁহিত
বিনন্দীয়া বোল অ’
বিনন্দীয়া বোল ৷
পোহৰময়ী গাঁওখনিতে
বহি মৰম বাকিম
আমি গাঁৱত সৰগ পাতিম
আমাৰ গাঁৱৰ নামঘৰলৈ পৃথিৱীক
মাতিম ৷৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment