অনুসন্ধান আকাংক্ষাত

Tuesday, June 19, 2012

আজি দুৱাৰে দুৱাৰে


আজি দুৱাৰে দুৱাৰে  কিহৰ বাতৰি ফুৰে

আজি, কোনে কথা পাতে, পুৱতি নিশাৰে

          কোনে কথা পাতে সন্ধিয়াৰে ?


আজি অসীমৰ, সুনীল গন্ধ

                   হাতত সাৰে

                   ভৰিত সাৰে

                   আহিছে গৈছে, বাৰে বাৰে

মোৰ গানে যে তাক, চিনি নাপাই

          চিনি পাই মোৰ সুৰে ৷৷




(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; তামোলবাৰী, ৩০/০৯/১৯৪৮)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: