জানো জানো জানো
বিফলে নাযায় মোৰো গানো ৷
মোৰ য’ত অশ্ৰুজল
তীৰ্থ
জলেৰে মিলি
উজলিব
পৃথিৱীৰ
কোষায়
কোষায়
জানো
জানো জানো ৷
মোৰ যত অভিনৱ গান
বিকশিত কমলৰ গন্ধ সমান
জানো
জানো
জগাব
সি বিশ্বৰ প্ৰাণো ৷
অকলশৰীয়া সেই পুৱতিৰ তৰা
আপোনাৰ গানতেই আপুনি বিভোৰা
ঊষাৰ
কোলাতৰ মাৰ যায়
পোহৰত
হাঁহিটি মিলাই
জানো
জানো জানো
বিফলে
নাযায় তাৰো গানো ৷
জাগা অভিনৱ ছন্দে
মৌন
মুগ্ধ যত শব্দ কমল দল
কণ্ঠে
কণ্ঠে অৰ্ব্বুদ বৃন্দে
জাগা অমৃত সুৰবাণী পৰমানন্দে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment